কংকন ৰাজখোৱাৰ কাহিনি তথা পৰিচালনা,প্ৰযোজনাৰে ছবিঘৰলৈ আহি আছে "ৰতনপুৰ"।
এখন ভিতৰুৱা গাঁওৰ পৰা সুৰা বিক্ৰি কৰা এগৰাকী মহিলাক কেন্দ্ৰ কৰি ছবিখন নিৰ্মাণ কৰা হৈছে। ঘাত মাউৰা মহিলাগৰাকীয়ে গাঁওখনত সুৰা প্ৰস্তুত কৰি বিক্ৰি কৰে আৰু গাঁওখনৰ বেছিভাগ যুৱকে নিচাত মাতাল হৈ অসামাজিক কাম।কাজত লিপ্ত হয়।ইয়াৰ বাবে গাঁওৰ ৰাইজে মহিলাগৰাকীক এঘৰীয়া কৰে।এনেদৰে ছবিখনৰ কাহিনি আগবাঢ়ে।
ছবিখনৰ চিত্ৰনাট্য আৰু সংলাপ-- ত্ৰিদিপ লাহন,ৰাজদীপ,কংকণ ৰাজখোৱা আৰু প্ৰদ্যুত শইকীয়াৰ।
ছবিখনত প্ৰথমবাৰৰ বাবে অভিনয় কৰিছে সংগীত শিল্পী দিক্ষুয়ে।লগতে আছে ৰুপম চেতিয়া,বিকি,অমৃতা গগৈ,ত্ৰিদিপ লাহন,ৰবীন হালৈ আদি।
সংগীত পৰিচালনা দিক্ষুৰ।ছবিখন শোনিতপুৰ জিলাৰ বিভিন্ন মনোমহা দৃশ্যপটত দৃশ্যগ্ৰহন কৰিছে বিপ্লৱ দলেই।
জানিবলৈ পোৱামতে ছবিখনৰ ৮০ শতাংশ কাম ইতিমধ্যে সমাপ্ত হৈছে। ছবিখন হাস্যমধুৰ যদিও সমাজৰ কিছুমান গুৰুত্বপূৰ্ণ দিশ ছবিখনত দাঙি ধৰিছে।'ৰতনপুৰ'ক লৈ আশাবাদী পৰিচালক কংকণ ৰাজখোৱা।

1 Comments
Nice
ReplyDelete